The College Song
সমবেত সংগীত
 
ৰচনা :
পুনাৰাম নেওগ
  প্ৰতিষ্ঠাপক অধ্যক্ষ

জেউতি চৰাই যাওঁ
জেউতি চৰাই যাওঁ
দুবৰি বনৰ পাতৰ আঁৰত
কিজানি মুকুতা পাওঁ  /
জেউতি চৰাই   যাওঁ //

ভৰ সাগৰৰ বুকুত আমি
পাল তৰি 'লো নাও
পাল ফাটি 'লে
বঠা বাই বাই
সিপাৰে কি আছে চাওঁ /
জেউতি চৰাই যাওঁ //

মুক্ত আকাশত হংসৰ জাক
অসীম তৃষ্ণাত উৰে
আমাৰ চকুতো অসীম দৃষ্টি
লক্ষ্য বহত দূৰে
যাওঁ আু্গুৱাই যাওঁ /
জেউতি চৰাই যাওঁ //

নৱ জেউতি পৰশত সৌৱা
মৰহা কঙ্কাল জীৱন পালো
বন্ধ আত্মা জিকাৰি উঠিল
মুকুতিৰ মহা সংগীত গালো
শ্নাশানত আমি গোলাপী সৌৰভ
বিলাই বিলাই যাওঁ /
জেউতি চৰাই যাওঁ //

জয়ধ্বনি কৰা সৱে
জয় মানৱৰ জয়
জয়ধ্বনি কৰা সৱে
প্ৰতিষ্ঠাতাৰ জয় /

এই মন্দিৰত সোমাই আহা
জ্ঞান পুজাৰীৰ দল,পণ কৰাহে দীন দুখীয়াক
বিলাম নতুন বল
সেৱাৰ মহিমা গাওঁ  /
জেউতি চৰাই যাওঁ  //

Golaghat Commerce College
GOLAGHAT  COMMERCE  COLLEGE
Powered by
Copyright © 2016 - All Rights Reserved Golaghat commerce College
NORTH EAST WEB SOLUTIONNORTH EAST WEB SOLUTION
Golaghat Commerce College